Journalist Among Several Killed in Tragic Road Accidents : এক মৰ্মান্তিক দুৰ্ঘটনা ; শিল ভৰ্তি ডাম্পাৰে প্ৰাণ কাঢ়িলে সংবাদকৰ্মীৰ

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা ।শিল ভৰ্তি ডাম্পাৰে প্ৰাণ কাঢ়িলে সংবাদকৰ্মীৰ ।
ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Journalist Among Several Killed in Tragic Road Accidents Across Assam)।
পুনৰ ডাম্পাৰে প্ৰাণ কাঢ়িলে এজনৰ । শনিবাৰে মহানগৰীৰ ধাৰাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শনিবাৰে দুপৰীয়াৰ ভাগত ধাৰাপুৰত এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়ালে একেখন ঘৰৰ চাৰিজনকৈ লোকক । ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় 3 জন লোক লগতে নিহত হয় এজন(Journalist Among Several Killed in Tragic Road Accidents) ৷
দুৰ্ঘটনাত নিহত লোকজন মিৰ্জাৰ সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস বুলি চিনাক্ত কৰা হৈছে । বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত আছিল সাংবাদিক দাস ৷ দাসৰ অকাল মৃত্যুৰ ফলত সংবাদ জগতত পৰিছে শোকৰ ছাঁ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, তীব্ৰবেগত আহি আছিল এখন শিল ভৰ্তি ডাম্পাৰখন ৷ একেটা দিশেৰে এখন অল্টো বাহনেৰে পৰিয়ালৰ সৈতে গৈ আছিল সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাস ৷ কিন্তু হঠাৎ অল্টো বাহনখনৰ পাচত আহি থকা শিল ভৰ্তি ডাম্পাৰখন বাগৰি পৰে অল্টোখনৰ ওপৰত ৷ ফলত চূৰ্ণ -বিচূৰ্ণ হৈ পৰে অল্টো বাহনখন ।
প্ৰথমাৱস্থাত অল্টো বাহনখনত থকা চাৰি জন লোক গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত আহত আটাইকেইজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত সংবাদকৰ্মী পাৰ্থ প্ৰতীম দাসৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, দুৰ্ঘটনাতপতিত ডাম্পাৰ আৰু অল্টো বাহনখনৰ নম্বৰ ক্ৰমে AS-01-FC-2742 আৰু AS-01-AV-9673 ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : Rhino menace in Majuli : সত্ৰনগৰী মাজুলীত গঁড়ৰ মুক্ত বিচৰণ