Local, Vocal, Global

WATCH | Orunudoi Scheme 3.0 : অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ প্ৰাক্তন পঞ্চায়ত সদস্যৰ

চাপৰ,৩এপ্ৰিল : অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ প্ৰাক্তন পঞ্চায়ত সদস্য তথা বৰ্তমান পঞ্চায়ত সদস্যৰ প্ৰাৰ্থী আলিমুদ্দিন সেখৰ।

একাংশ দুখীয়া মহিলাৰ পৰা সংগ্ৰহ কৰিলে ৫০০ টকাকৈ কিন্তু টকা দিয়াৰ পিছতো বঞ্চিত হ’ল অৰুণোদয় আঁচনিৰ পৰা।

কোনোবাই যদি দিন হাজিৰা কৰি টকা দিছে আৰু আন কোনোবাই আকৌ আত্মসহায়ক গোটৰ পৰা টকা লৈ দিছে সদস্য গৰাকীক।

অৰুণোদয় আঁচনিত নাম নোহোৱাত টকাটো ঘূৰাই বিচৰাত সদস্য গৰাকীয়ে টকা ঘূৰাই নিদিলে(Orunudoi Scheme 3.0)।

এই অভিযোগ উত্থাপন কৰে বঙাইগাঁও জিলাৰ ঢাকনাবাৰী গাওঁৰ একাংশ মহিলায়।

উল্লেখ্য যে পূৰ্বৰ দক্ষিণ বইটামাৰী গাওঁ পঞ্চায়ত আৰু বৰ্তমানৰ ধনতোলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢাকনাবাৰী গাঁৱৰ একাংশ দুখীয়া পুৰুষ মহিলাৰ পৰা অৰুণোদয় আঁচনিৰ নামত ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ প্ৰাক্তন পঞ্চায়ত সদস্য তথা বৰ্তমানৰ পঞ্চায়ত সদস্যৰ প্ৰাৰ্থী আলিমুদ্দিন সেখৰ বিৰুদ্ধে।

আলিমুদ্দিন সেখে গাঁৱৰ দুখীয়া মহিলা সকলৰ পৰা টকা সংগ্ৰহ কৰাৰ পিছতো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নহ’ল কিন্তু আলিমুদ্দিন সেখৰ নিজ জীয়ৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ৰাইজৰ।

উক্ত ঘটনা সন্ধৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনে উচিত তদন্ত কৰি দুখীয়া মহিলা সকলক অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক : WATCH | Chapar News : ধুবুৰী জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান চাপৰ প্ৰেছিডেন্সী একাডেমী ছিনিয়ৰ হায়াৰ চেকেণ্ডেৰী স্কুল