Local, Vocal, Global

WATCH | Orunodoi 3.0 scheme: চাপৰত অৰুণোদয় ৩.০ ত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগত আন্দোলন একাংশ মহিলাৰ

চাপৰ,২৬মাৰ্চ : চাপৰৰ ছালকোচাৰ এখন গাওঁক অৰুণোদয় ৩.০ ত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগত আন্দোলন একাংশ মহিলাৰ ৷

পূৰ্বতে আঁচনিখনৰ পৰা সুবিধা লাভ কৰি অহা একাংশ হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ অভিযোগ বিলাসীপাৰা জিলা বিজেপিৰ কৰ্ম কৰ্তাৰ ওপৰত(Orunodoi 3.0 scheme)।

ধুবুৰী জিলাৰ বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ছালকোচা গাওঁ পঞ্চায়তৰ সুপাৰীগুৰীৰ গাওঁৰ প্ৰায় অধিকাংশৰেই নাম কৰ্তন কৰাত এতিয়া সমস্যাৰ সন্মুখীন হৈছে মহিলাসকল ৷

এই মহিলাসকলৰ অধিকাংশ মহিলাই বিধৱা,অবিবাহিতা মহিলাই সুবিধা লাভ কৰিছিল ৷

বৰ্তমান তালিকাখনত তেওঁলোকৰ নাম বাদ পৰাত অসমৰ মুখ্যমন্ত্ৰীক তদন্ত কৰিবলৈ অনুৰোধ জনাই মহিলা সকলে৷

লগতে পঢ়ক : WATCH | Arup Kumar Dey : ‘আপোনালোকো বাংলাদেশী, আমিও বাংলাদেশী, আমাৰ লিগেচী একেই’