Local, Vocal, Global

WATCH | Orunodoi 3.0 scheme: বিলাসীপাৰাত অৰুণোদয় ৩.০ আঁচনি বাচনিৰ নামত ব্যাপক অনিয়ম

বিলাসীপাৰা,২৪মাৰ্চ : বিলাসীপাৰাত অৰুণোদয় ৩.০ আঁচনি বাচনিৰ নামত পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে ব্যাপক অনিয়ম।

প্ৰতিখন পঞ্চায়তৰ বাচনি কমিটীৰ সদস্যই নিজৰ আত্মীয় স্বজনক আৰু ধনৰ বিনিময়ত ধনী ব্যক্তিক অৰুণোদয় দি যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

তেনে সময়তেই একাংশ দুষ্ট চক্ৰই অৰুণোদয় আঁচনি নামত অন কেমেৰাত উৎকোচ লোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ধন লোৱা ল’ৰাজন ধনৰ বিনিময়ত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি ধনী ব্যক্তিক অৰুণোদয় আঁচনি নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। বিজেপি চৰকাৰৰ অভিলাসী আঁচনিৰ নামত একাংশ দুষ্ট চক্ৰই ধন সংগ্ৰহৰ নামি পৰিছে পঞ্চায়তে পঞ্চায়তে(Orunodoi 3.0 scheme)।

বিলাসীপাৰা,বাঙালীপাৰা,বাঘমাৰী,মাছানেৰ আলগা,হাতীপোতা আদি বিভিন্ন গাওঁ পঞ্চায়তৰ সমূহত এই দুষ্ট চক্ৰ সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজো লৈ প্ৰেৰণ কৰাৰ দাবী জনাইছে স্হানীয় ৰাইজ আৰু দ’ল সংগঠনে।

লগতে পঢ়ক : WATCH | MLA Rafiqul Islam : ‘গুণ্ডা বিধায়কক নাকী লগাব লাগিব মুখ্যমন্ত্ৰীয়ে’