Local, Vocal, Global

Orissa HC orders arrest of MV Debi ship in Paradip : পাৰাদ্বীপ বন্দৰত বিতৰ্কিত জাহাজ এম ভি দেৱীক আটক কৰিবলৈ নিৰ্দেশ ওড়িশা উচ্চ ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : ওড়িশা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশ । পাৰাদ্বীপ বন্দৰত বিতৰ্কিত জাহাজ এম ভি দেৱীক আটক কৰিবলৈ নিৰ্দেশ ওড়িশা উচ্চ ন্যায়ালয়ৰ । শুকুৰবাৰে ওড়িশা উচ্চ ন্যায়ালয়ে প্ৰদান কৰে এই নিৰ্দেশনা ৷

জানিব পৰা মতে, ওড়িশা উচ্চ ন্যায়ালয়ে এমভি দেৱী জাহাজৰ বাৰ্থ পেমেণ্ট সমস্যাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । ২০২৩ চনৰ ৩০ নৱেম্বৰত এম ভি দেৱী জাহাজৰ পৰা প্ৰায় ২২০ কোটি টকাৰ ২২ কিলোগ্ৰাম কোকেইন পাৰাদ্বীপ বন্দৰত ডক কৰে(Orissa High Court orders ‘arrest’ of cargo ship at Paradip months after Rs 220 cr cocaine seizure) ।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ভি নৰসিংহই এই অন্তৱৰ্তীকালীন নিৰ্দেশ গৃহীত কৰে । পিআইচিটিয়ে এডমিৰালটি (জুৰিচিডিকচন এণ্ড চেটলমেণ্ট অৱ মেৰিটাইম ক্লেইমছ) এক্ট, ২০১৭ ৰ অধীনত সামুদ্ৰিক দাবী বলৱৎ কৰাৰ বাবে জাহাজখনক গ্ৰেপ্তাৰ কৰাৰ বাবে মামলা দাখিল কৰিছিল । পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব অহা ৭ মাৰ্চত(Orissa HC orders arrest of MV Debi ship in Paradip) ।

উল্লেখযোগ্য যে, ২০২৩ চনৰ ৩০ নৱেম্বৰত পাৰাডিপ বন্দৰৰ জাহাজৰ বাৰ্থৰ পৰা শুল্ক বিভাগে ২২ কিলোগ্ৰাম কোকেইন জব্দ কৰে । জাহাজখন ইণ্ডোনেছিয়াৰ পৰা আহি ডেনমাৰ্কলৈ যাব ওলাইছিল ।

লগতে পঢ়ক : Tragic Road Accident in Boko : বকোৰ শিংৰা শালনিত শোকাৱহ দুৰ্ঘটনা; নিহত এজন