Local, Vocal, Global

Organ transplant racket busted in Delhi : মানৱ অংগৰ বেহা;আৰক্ষীৰ জালত মহিলা চিকিৎসক

নেশ্যনেল ডেস্ক,৯জুলাই : দিল্লী ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । ৰাজধানী চহৰ দিল্লীত অবৈধ মানৱ অংগ সংৰোপণৰ অভিযোগ(Organ transplant racket busted in Delhi; doctor among 7 arrested) ।

জানিব পৰা মতে, দিল্লীৰ আৰক্ষীৰ অপৰাধ শাখাই অবৈধ মানৱ অংগ সংৰোপণ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই চক্ৰৰে জড়িত মহিলা চিকিৎসকসহ প্ৰায় ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত মহিলা চিকিৎসকগৰাকীয়ে দিল্লীৰ এখন প্ৰতিষ্ঠিত চিকিৎসালয়ত কৰ্মৰত ।

আৰক্ষীয়ে উৎখাত কৰা চক্ৰটো বাংলাদেশৰ সৈতে সম্পৰ্ক আছিল । তেওঁলোকে প্ৰতিটো অংগ সংৰোপণৰ বাবদ ২৫-৩০ লাখ টকা সংগ্ৰহ কৰিছিল । অংগ দাতা আৰু গ্ৰহণকাৰী দুয়ো বাংলাদেশৰ আছিল । তেওঁলোকে ২০১৯ চনৰ পৰা এই চক্ৰটো চলাই আছে(Organ transplant racket busted in Delhi; doctor among 7 arrested
) ।

দিল্লী আৰক্ষীৰ মতে, এই চক্ৰৰ সৈতে জড়িত লোকসকলৰ বাংলাদেশৰ সৈতে সম্পৰ্ক আছিল । দলটোৱে প্ৰতিগৰাকী অংগ দাতাক ৪ ৰ পৰা ৫ লাখ টকা পৰিশোধ কৰিছিল । আনহাতে, বৃক্ক গ্ৰহণকাৰীসকলৰ পৰা ২৫-৩০ লাখ টকা লোৱা হৈছিল । আৰক্ষীৰ জেৰাত প্ৰকাশ পাইছে যে বৃক্ক সংৰোপণ চক্ৰৰ অবৈধ কাৰ্যকলাপ ২০১৯ চনৰ পৰাই চলি আছিল । আৰক্ষীয়ে এই সন্দৰ্ভত গোপন তথ্য লাভ কৰিছিল আৰু তাৰ পিচতে অভিযান চলোৱা হৈছিল ।

লগতে পঢ়ক : Barking Deer Rescued of Tinsukia : আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ বাৰেকুৰি অঞ্চলৰ বৰগাঁৱত