Local, Vocal, Global

মুম্বাইত Orange Alert জাৰি

নিউজ ডেস্ক, ১ জুলাই : ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ জাননি অনুসৰি মুম্বাইৰ কেইবাটাও ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলশ্ৰুতিত চহৰখনত কমলা সতৰ্কতা (Orange Alert) জাৰি কৰা হৈছে ।

চহৰখনত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ৰে’ল আৰু বাছ সেৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

কুৰ্লা (Kurla), চেম্বুৰ (Chembur), চিয়ন (Sion), দাদৰ (Dadar) আৰু আন্ধেৰীকে (Andheri) ধৰি মুম্বাইৰ কেইবাটাও ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ পৰিপেক্ষিতত কেইবাটাও অঞ্চল পানীত ভৰি পৰিছে।

এজন বিষয়াই কয় যে বতৰ বিভাগেও হালধীয়া সতৰ্কতা জাৰি কৰিছে, ১ আৰু ২ জুলাইত চহৰখনৰ কেইবাটাও ঠাইত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি হিন্দমাতা, পেৰেল, কালাচৌকি, হাজী আলী, ডকয়াৰ্ড ৰোড, গান্ধী মাৰ্কেট আৰু বান্দ্ৰাৰ দৰে অঞ্চলত কেইবাটাও পথ পানীত জমা হোৱাৰ বাবে পথযান-বাহন আৱদ্ধ হৈ যায়।