Local, Vocal, Global

Raijor Dal protests against delimitation: নিৰ্বাচনী আয়োগৰ শুনানিৰ মাজতে কলাক্ষেত্ৰত ৰাইজৰ দলৰ প্ৰতিবাদ

গুৱাহাটী, ২১ জুলাই: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিটা পৃথক হলত পৃথকে-পৃথকে ভাৰতীয় নিৰ্বাচনী আয়োগৰ এটা দলে যোৱা বুধবাৰৰ পৰা ৰাজ্য বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ লগতে ৰাইজৰ পৰা গ্ৰহণ কৰিছে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰাৰ ওপৰত শুনানি (Raijor Dal protests against delimitation)।

শুনানি গ্ৰহণৰ মাজতেই শুকুৰবাৰে ৰাইজৰ দলৰ একাংশ সদস্যই সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against delimitation process )। প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে দলটোৰ কেইবাজনো সদস্যক ।

বিৰোধী ৰাজনৈতিক দলটোৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ(Sivasagar MLA Akhil Gogoi)কে ধৰি একাংশ সদস্যই নিৰ্বাচনী আয়োগৰ ওচৰত শুনানিৰ দাখিল কৰিবলৈ অহাৰ সময়তে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহুসংখ্যক সদস্যই কলাক্ষেত্ৰৰ প্ৰৱেশ পথত অৱস্থান কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্বাচনী আয়োগে গুৱাহাটীৰ কলাক্ষেত্ৰত ৰাইজৰ শুনানি গ্ৰহণ কৰি থকা সময়তে ৰাইজৰ অভাৱ অভিযোগ সমূহক গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰি শুনানিস্থলীৰ বাহিৰত ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্যই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল ।

দলটোৰ নেতা ধৈৰ্য কোঁৱৰ আৰু প্ৰণৱ ডেকাৰ নেতৃত্বত সেই স্থানত উপস্থিত সদস্যসকলে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে । ইয়াৰ পিছতে দলটোৰ প্ৰতিবাদী সদস্যসকলে কলাক্ষেত্ৰৰ সন্মুখৰ পথত অৱস্থান কৰি পথ অৱৰোধ কৰিবলৈ চেষ্টা চলাই যগিও আৰক্ষীয়ে পথ অৱৰোধ প্ৰতিহত কৰি তেওঁলোকক সেই স্থানৰ পৰা আটক কৰে।

আৰক্ষীয়ে আটকাধীন আটাইকে এখন বাছত ভৰাই সেই স্থানৰ পৰা আঁতৰাই লৈ যায় ।

লগতে পঢ়ক : Manipur violence : দ্বিতীয় দিনাও কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছে যে মণিপুৰৰ বিষয়ক লৈ আলোচনা হ’ব