Local, Vocal, Global

Opium Worth Rs 6 Cr Smuggled In From Manipur Seized : মহানগৰীত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৮নৱেম্বৰ : পুনৰ মহানগৰীত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ । বুধবাৰে গুৱাহাটী আমিনগাঁৱত জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি(Opium Worth Rs 6 Cr Smuggled In From Manipur Seized) ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) ।

ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়।

ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs peddler arrested in Guwahati )।আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই(Narcotics worth Rs 6 crore transported from Manipur seized in Amingaon) ।

মহানগৰীত নিতৌ সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ । নিতৌ আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ ।

উল্লেখ্য যে , বুধবাৰে কামৰূপ আৰক্ষী আৰু এচ টি এফৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যৌথ অভিযান চলাই । অভিযানত মঙলবাৰে নিশা এখন বাহন জব্দ কৰে । জব্দকৃত বাহনখন চুবুৰীয়া ৰাজ্য় মণিপুৰৰ বুলি জানিব গৈছে (Opium Worth Rs 6 Cr Smuggled In From Manipur Seized)।

বিষয়াসকলে জনোৱা মতে, বলেৰ’ পিকআপ বাহনখন জব্দ কৰি তালাচী চলাই আৰু বাহনখনৰ চেম্বাৰৰ পৰা বুজন পৰিমাণৰ আফিং জব্দ কৰে । আৰক্ষীয়ে প্ৰায় ৩৬ কিলোগ্ৰাম আফিং জব্দ কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় অবৈধ ড্ৰাগছৰ বজাৰত জব্দ কৰা আফিঙৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি বিষয়াসকলে অনুমান কৰে । ইফালে,আৰক্ষীয়ে আফিঙসহ আটক কৰে চাৰি সৰবৰাহকাৰীক । আৰক্ষীয়ে আটক কৰা লোককেইজন ক্ৰমে মণ্টুল আলী, আইজুল হোকে, মহম্মদ ছফিকুল আলী আৰু ৰাজু আলী।

লগতে পঢ়ক : Mission against Maoist: আৰক্ষী আৰু মাওবাদী কেডাৰৰ মাজত তীব্ৰ সংঘৰ্ষ;আটক দুই মাওবাদী নেতা