WATCH | OPERATION SINDOOR : ৰঙিয়াত বিজেপিৰ উদোগত বিশাল তিৰংগা যাত্ৰা
ৰঙিয়া,২০মে’ : OPERATION SINDOOR ৰ সমৰ্থনত সোমবাৰে ৰঙিয়াত উত্তৰ কামৰূপ জিলা বিজেপিৰ উদোগত বিশাল তিৰংগা যাত্ৰা।
ভাৰতীয় সেনা জোৱান সকলক সমৰ্থন জনোৱা এই বিশাল ৰেলীত অংশ গ্ৰহণ কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।
জম্মু কাশ্মীৰৰ পেহেলগামত যি পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৮ জনকৈ ভাৰতীয়ই প্ৰাণ আহুতি দিব লগা হৈছিল আৰু ইয়াৰ পিছতে পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত জপিয়াই পৰিছিল ভাৰতীয় সৈন্য আৰু ইতিমধ্যেই বহু কেইটা সন্ত্ৰাসবাদীৰ ঘাটি তথা সন্ত্ৰাসবাদীক নিশেষ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই(OPERATION SINDOOR)।
সোমবাৰে সেই সকল সৈনিকক উৎসাহ আৰু সমৰ্থন জনাই সমগ্ৰ ভাৰত বৰ্ষৰ লগতে ৰঙিয়াতো তিৰংগা যাত্ৰা বুলি এক বিশাল ৰেলী উলিওৱা হয়।
লগতে পঢ়ক : WATCH | Karbi Anglong: পশ্চিম হাতীপাৰাত সূৰ্য্যাহী পূজা পালন