Local, Vocal, Global

WATCH | Operation Sindoor : ডুমডুমাত ত্ৰিৰংগা যাত্ৰা

ডুমডুমা,১৭মে’ : ডুমডুমাত ত্ৰিৰংগা যাত্ৰা। ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাৰ ।

তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰত বাহিৰ কৰা হয় ত্ৰিৰংগা যাত্ৰা। পেহেলগ্ৰামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা সকলক সুঁৱৰি আৰু সন্ত্ৰাসবাদীৰ ওপৰত ভাৰত চৰকাৰ তথা ভাৰতীয় সৈন্যই লোৱা পদক্ষেপক সন্মান জনাই হাজাৰ ডুমডুমা নগৰ খেলপথাৰত উপস্থিত হয় বহু সংখ্যক লোক(Operation Sindoor)।

অগণন লোকে হাতে হাতে ভাৰতৰ জাতীয় পতাকা লৈ ভাৰত মাতাৰ জয়, বন্দে মাতৰম ভাৰতীয় সৈন্য জিন্দাবাদ ধ্বনিৰে ডুমডুমা নগৰত ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰে। ত্ৰিৰংগা যাত্ৰাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা, লক্ষীমপুৰ লোকসভা সাংসদ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থকা দেখা যায়।

লগতে পঢ়ক : WATCH | World Hypertension Day : বিশ্বনাথত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব উচ্চ ৰক্তচাপ দিৱস উদযাপন