Operation against illegal wine by Rangapara police : ৰঙাপৰাত অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
নিউজ ডেস্ক,২ছেপ্তেম্বৰ : বৰ্তমানৰ চৰকাৰখনত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সুৰা অথবা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যথেষ্ট সষ্টম হোৱা দেখা গৈছে চৰকাৰক । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে । ৰাজ্যৰ আবকাৰী বিভাগ (Excise Department) বহি থকা নাই ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে অভিযান চলাই আছে । সোমবাৰে ৰঙাপৰা আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি ভড়ালীৰ নেতৃত্বত ৰঙাপৰা ৰেলৱে হাস্পতালৰ সমীপত গঢ় লৈ উঠা দুটাকৈ সুৰাৰ ভাটিত চলাই এই অভিযানত(Operation against illegal wine by Rangapara police)।
অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুলাই মদ ,গেলা পাছোৱা সামগ্ৰী নষ্ট কৰে ৷ উল্লেখ্য যে ৰেলৱে হাস্পতালৰ সমীপত গঢ় লৈ উঠা চুলাই মদৰ ভাটিয়ে পৰিবেশ বিনষ্ট কৰি আহিছিল৷
লগতে পঢ়ক : Tragic incident : মাছ মাৰিবলৈ গৈ জে চি বিয়ে খন্দা গাঁতত পৰি সলিল সমাধি ৩ ছাত্ৰৰ