Operation against illegal wine:ৰঙাপৰাৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ তীব্ৰ অভিযান
জামুগুৰিহাট,২৬ ডিচেম্বৰ: বৰ্তমানৰ চৰকাৰখনত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সুৰা অথবা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যথেষ্ট সষ্টম হোৱা দেখা গৈছে চৰকাৰক । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে । ৰাজ্যৰ আবকাৰী বিভাগ (Excise Department) বহি থকা নাই ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে অভিযান চলাই আছে ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰঙাপৰাৰ বিভিন্ন স্থানত পুৱাৰে পৰাই আবকাৰী বিভাগৰ তীব্ৰ অভিযান চলাই। ৰঙাপৰা আবকাৰী বিভাগে অবৈধ ভাৱে গঢ় লৈ উঠা চুলাই মদৰ ভাটিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়(Operation against illegal wine)।
আবকাৰী বিভাগে প্ৰথমতে আমাৰিবাৰীৰ ভেৰভৰি গাঁৱত কেইবাটাও চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ পিছত পৰ্যায় ক্ৰমে ৰঙাপৰাৰ ৰেলৱে চিকিৎসালয়ৰ সমীপত, ফুলবাৰীৰ উপৰ কছাৰী কছাৰী গাঁও আৰু ৰঙাপৰাৰ উপৰ কছাৰী গাঁৱত অভিযান চলায়।
ৰঙাপৰা আবকাৰী বিভাগৰ পৰিদৰ্শক মাধুৰ্য্য তালুকদাৰ আৰু সহ পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত চলা অভিযান কালত ১০ টাকৈ চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ লগতে চুলাই মদ বনোৱা বিভিন্ন সা-সামগ্ৰী সমূহ জব্দ কৰে। ৰঙাপৰাত চুলাই মদৰ ভাটিয়ে সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে।
উল্লেখ্য যে ৰঙাপৰা আবকাৰী বিভাগে কাঠফুলাৰ দৰে গঢ়ি উঠা চুলাই মদৰ ভাটিবোৰ উচ্ছেদ কৰি আহিছে যদিও পিছদিনাৰ পৰা একাংশ লোকে নৱপ্ৰজন্মক ধ্বংস কৰা চুলাই মদ প্ৰস্তুত কৰি অহাৰ বাবেই শৈক্ষিক সামাজিক পৰিৱেশ এক প্ৰকাৰে বিনষ্ট হৈ আহিছে।
লগতে পঢ়ক :Dhing News:ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত চলিছে ধনৰ লেনদেন