Local, Vocal, Global

Open firing at Matmora : মাতমৰা মথাউৰীত ৯ জাই গুলীৰ প্ৰচণ্ড শব্দ

নিউজ ডেস্ক,২জুলাই : সোমবাৰে নিশা মাতমৰা মথাউৰীত ভয়ংকৰ ঘটনা । সোমবাৰে নিশা প্ৰায় ১ বজাত মাতমৰা মথাউৰীৰ জিৰ’ পইণ্টৰ সমীপৰ নৱ নিৰ্মিত স্পাৰৰ নদীৰ পাৰত ৯ জাই গুলীৰ প্ৰচণ্ড শব্দ।

মঙলবাৰে পুৱা ৰাইজ ওলাই আহি স্পাৰৰ অন্তিম মূৰত তিনিটা গুলীৰ খোলা কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাইজে উদ্ধাৰ হোৱা গুলীৰ খোলাসমূহ সংৰক্ষণ কৰি গাঁওৰক্ষী বাহিনীক অৱগত কৰে। ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে মংগলবাৰে পুৱাই মাতমৰাৰ গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া শোধন্য শুক্লবৈদ্য ঘটনাস্থলীত উপস্থিত হয়(Open firing at Matmora) ।

ঘটনাস্থলীত সদৰ থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হয় আৰু আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই

ইফালে মুষলধাৰ বৰষুণৰ মাজতো কোনে আৰু কি উদ্দেশ্যেৰে মাজনিশা নিৰ্জন স্পাৰৰ ব্ৰহ্মপুত্ৰৰ সোঁতৰ পাৰত গুলীবর্ষণ কৰিছিল তাক লৈ চিন্তিত ঢকুৱাখনা আৰক্ষী আৰু স্থানীয় ৰাইজ।

লগতে পঢ়ক : Sensational Incident : ঘৰৰ দেৱাল খহি মৃত্যু পিতা-পুত্ৰৰ