Open destruction of Abhoypur reserve forest:সোণাৰিত কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ
সোণাৰি,১১ফেব্ৰুৱাৰী : সোণাৰিত কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ।অভয়পুৰ সংৰক্ষিত বনাঞ্চলত অবাধ বন ধ্বংসযজ্ঞ।
বনাঞ্চল কাটি চাহ আৰু পাচলি খেতি দুস্কৃতিকাৰীৰ। চৰাইদেউ জিলাৰ সৰ্ববৃহৎ বনাঞ্চলখনৰ সুৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ বিয়াগোম বন বিভাগ।
ইতিহাস হোৱাৰ দিশে চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল।অসম নাগালেণ্ডৰ সীমান্তত থকা বনাঞ্চল খনত অবাধ বন ধ্বংসত লিপ্ত হৈছে অসম আৰু নাগালেণ্ডৰ দুস্কৃতিকাৰী।এফালে যদি নাগালেণ্ডৰ দিশৰ পৰা বনাঞ্চল খন সংকুচিত কৰি অনা হৈছে আনহাতে বনাঞ্চল ধ্বংস কৰি চাহ আৰু পাচলি খেতি কৰিছে অসমৰ বন ধ্বংসকাৰীয়ে। প্ৰায় 6737 হেক্টৰ মাটিত আগুৰি থকা বনাঞ্চল খনৰ অধিকাংশ অঞ্চলেই বন ধ্বংস কাৰিৰ কবলত পৰাত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় সচেতন যুৱকৰ(Open destruction of Abhoypur reserve forest)।
কিন্তু ঘটনা সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে স্থানীয় বন বিভাগৰ বিষয়াই সেইয়া লক্ষ্যনীয় বিষয়।