Local, Vocal, Global

Online Trading Scam : সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন । আজি বিয়লি চাৰি বজাত ডিব্ৰুগড় সদৰ থানালৈ তলৱ। বিশাল – চুমীৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ সংক্ৰান্তত সোধাপোছা কৰিব সাংবাদিক গৰাকীক।

ৰাজ্যজুৰি ব্যাপক চৰ্চিত বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰীৰে বিভিন্নজনৰ নাম ইতিমধ্যে জড়িত হৈ পৰিছে। চি বি আইয়ে তদন্ত কৰি থকা এই গোচৰত এইবাৰ সোধপোছৰ বাবে তলব কৰিছে সাংবাদিকক গৰাকীক।

ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নম্বৰ ৩৫২/২০২৪ ৰ সন্দৰ্ভত সোধপোছৰ বাবে তদন্তকাৰী বিষয়াই ২৮ ছেপ্টেম্বৰত তলব কৰিছে সাংবাদিক চক্ৰপানী পৰাশৰক। তেওঁক তদন্তকাৰী বিষয়াই আবেলি ৪ বজাত ডিব্ৰুগড় সদৰ থানাত হাজিৰ হ’বলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে(Online Trading Scam)।

লগতে পঢ়ক :Minor held for killing mother : মহানগৰীত হত্যাকাণ্ড;টেনিছ খেলুৱৈৰ হাতত প্ৰাণ গ’ল মাতৃৰ