Local, Vocal, Global

Online Trading Scam :দেৰগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক ভাস্কৰ বৰুৱা

গোলাঘাট,২৩ ছেপ্টেম্বৰ : ৰাজ্যত অব্যাপক আছে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ বিতৰ্ক ।এইবাৰ দেৰগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক ভাস্কৰ বৰুৱা। কলকাতাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰ ভূষণ বৰুৱা নামৰ অভিযুক্তটোক ।

অভিযোগ অনুসৰি দেৰগাঁৱৰ পৰাই ট্ৰেডিঙৰ বৃহৎ জাল পেলাই কোটি কোটি টকা আত্মসাৎ কৰিছিল ভাস্কৰে । ৪ ছেপ্টেম্বৰত পোহৰলৈ আহিছিল এই কথা। বিভিন্নজনৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ আছে ভাস্কৰ ভূষণ বৰুৱাৰ বিৰুদ্ধে । দেৰগাঁও থানাত ভাস্কৰৰ বিৰুদ্ধে ৰুজু হৈ আছিল বহুকেইটা গোচৰ। তেওঁৰ বিৰুদ্ধে ভুক্তভোগী এজাহাৰ দাখিল কৰাৰ পিচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । কিন্তু তাৰ মাজতে ভাস্কৰে পলায়ন কৰে । পলাতক ভাস্কৰক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল(Online Trading Scam) ।

আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য লাভ কৰিছিল যে ভাস্কৰে চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ পলায়ন কৰিছে । সেই খবৰৰ ভিত্তিত অৱশেষত অসম আৰক্ষীয়ে কলকাতাৰ পৰা ভাস্কৰ ভূষণ বৰুৱাক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে বৰ্তমান প্ৰৱঞ্চকটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Guwahati Court Granted Bail to Shankar Jyoti Baruah : আছুৰ প্ৰাক্তন সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ