Local, Vocal, Global

Online Trading scam : তিতাবৰত আৰক্ষীৰ জালত অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত

নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : তিতাবৰত আৰক্ষীৰ জালত অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্তক আটক। অবিনাশ পাৰ্ধিয়া নামৰ এজন যুৱকক আটক কৰে বৰহোলা আৰক্ষীৰ। বৰহোলা আৰক্ষীয়ে গড়াজানৰ ১৬নং ব্লক গাঁৱৰ পৰা অভিনাশ পাৰধিয়া নামৰ যুৱকজনক সোধাপোছাৰ বাবে বাসগৃহৰ পৰা আটক কৰে(Online Trading scam one arrested in Barhola)।

জানিব পৰা মতে, বাসগৃহতে Good Luck Tutor Center Pvt. Ltd নামেৰে খুলিছিল প্ৰতিষ্ঠান। কেইবাটাও ৱেবছাইটত বহু লোকৰ লাখ লাখ টকাৰ ট্রেডিং কৰি আহিছিল যুৱকজনে।সাতগৰাকী যুৱকৰ সৈতে অভিনাশ পাৰধিয়াই ইতিমধ্যে কেইবাটাও অলাইন ট্ৰেডিঙ এপৰ জৰিয়তে দীৰ্ঘদিনৰ পৰাই বহু লোকৰ লাখ লাখ টকাৰ ট্রেডিং কৰি আহিছিল।

সম্প্ৰতি যুৱকজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বৰহোলা একাংশ অ’ এন জি চিৰ চাকৰিয়াল, ব্যৱসায়ী ঠিকাদাৰ আৰু শিক্ষকে লাখ লাখ টকা বিনিয়োগ কৰিছিল যদিও বৰ্তমান আৰক্ষীৰ জালত পৰা ভয়ত মুখ খুলিব বিচৰা নাই। যুৱকজনক আৰক্ষীয়ে সোধাপোছা আৰু তদন্ত অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে সংবাদ মাধ্যমক কোনো কথা জানিবলৈ দিয়া নাই আৰক্ষীয়ে।

লগতে পঢ়ক :Ganesh Chaturthi 2024: আজি পৱিত্ৰ গণেশ চতুৰ্থী