Local, Vocal, Global

ONGC gas pipeline bursts in Sonari : সোণাৰিৰ দিচাংপানীত ONGC ৰ পাইপ ফুটি গেছ নিৰ্গত

সোণাৰি,৩০এপ্ৰিল : সোণাৰিৰ দিচাংপানীত ONGC ৰ পাইপ ফুটি গেছ নিৰ্গত। যিকোনো মুহূৰ্তত অগ্নিকাণ্ড হোৱাৰ সম্ভাৱনা। এই ঘটনাৰ পিছতে ONGC ৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈছে যদিও গেছ ওলোৱা বন্ধ কৰিব পৰা নাই। বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক ONGC কৰ্মচাৰীৰ বাধা প্ৰদান(ONGC gas pipeline bursts in Sonari)।

মঙলবাৰে সংঘটিত হৈছে এই ঘটনাটো । মঙবাৰে পুৱা দিচাংপানী ONGC ৰ বিএম 11 তেলখাদৰ পৰা লাকুৱা ৮ নং জিজিএচ লৈ তেলগেছ পৰিবাহী পাইপ ফুটি তেল গেছ নিৰ্গত হৈ দিচাং নৈত পৰে। ফলত নৈত থকা কণীযুক্ত মাছৰ লগতে অন্য জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে(Incident caused gas leakage in the entire area)।

সদাব্যস্ত অভয়পুৰ চেপন সংযোগী পথৰ দিচাং নৈৰ দিচাংপানী দলঙৰ লগত থকা পাইপ ফুতি তেলগেছ নিৰ্গত হোৱা সন্দৰ্ভত স্থানীয় লোকে কয় যে,একমাত্ৰ প্ৰতিকূল বতৰৰ বাবে দিচাংপানী শ্যাম গাঁও ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিছে। ঘটনাস্থলিত ONGC ৰ লোক উপস্থিত হৈ মেৰামতি কৰাৰ চেষ্টা কৰিছে যদিও সম্পূৰ্ণ বন্ধ কৰিব পৰা নাই।

লগতে পঢ়ক : Boat accident in Dhubri : আজি অভিশপ্ত ৩০ এপ্ৰিল;আজিৰ দিনটোতে মেদৰটাৰীৰ নাও দুৰ্ঘটনাত অৰ্ধ শতাধিক দুৰ্ভগীয়া যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল