One youth Killed in Road Accident : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক
নিউজ ডেস্ক, ১৩ডিচেম্বৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক । ফলত থিতাতে নিহত হয় এজন(One youth Killed in Road Accident at Jagiroad) ।
জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা । মঙলবাৰে নিশা জাগীৰোডৰ ভোমোৰাগুৰিত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো(One youth Killed in Road Accident) ।
জানিব পৰা মতে, জাগীৰোডৰ ভোমোৰাগুৰিত এখন অচিনাক্ত তীব্ৰবেগী ট্ৰাকে দুই বাইক আৰোহীক মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। আনজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়। আহত যুৱকজন বৰ্তমান চিকিৎসাধীন হৈ আছে । নিহত যুৱকজনৰ নাম ৰোমান বৰকটকী বুলি চিনাক্ত কৰা হৈছে ।নিহত ব্যক্তিজন জাগীৰোড মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।
ইয়াৰোপৰিও, ৰোমান ABVPৰ প্ৰাক্তন সদস্যও আছিল। ২৭ বছৰীয়া যুৱকজন ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰ্তমানৰ সদস্য আছিল(One youth Killed in Road Accident at Jagiroad)।
লগতে পঢ়ক : 28 Cows Stolen : অন্তৰ্ধান হ’ল আৰক্ষীয়ে জব্দ কৰা ২৮টাকৈ গৰু