One Women Arrested With Drugs : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা
নিউজ ডেস্ক,১৮ আগষ্ট : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী(One Women Arrested With Drugs) ।
এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান ।
ধিঙত আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী । ডিমাপুৰৰ পৰা বাছেৰে ধিঙলৈ গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক।ধৃত মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ফুলেচা খাতুন। ঘৰ ধিঙৰ পানবাৰীত বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, ডিমাপুৰৰ পৰা AS21A C3357 নম্বৰৰ এখন বাছত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চাৰিটা পেকেট ভৰ্তি ১৬৭.৪৫ গ্ৰাম ড্ৰাগছ । ধিঙলৈ আনি থকা অৱস্থাতেই ধিং চাৰিআলিৰ অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি (One Women Arrested With Drugs)।
ধিং আৰক্ষীৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক নৰেশ্বৰ কুমাৰ ৰয়ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছখিনি ।
বৰ্তমান ধিং আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক : BJP worker body found at Noonmati : নুনমাটি ছেক্টৰ ৩ৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ