Local, Vocal, Global

One Women Arrested With Drugs : মহানগৰীৰ হাতীগাঁৱত জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন; আটক মহিলা সৰবৰাহকাৰী

নিউজ ডেস্ক, ২৫জুলাই : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী ।

এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান৯One Women Arrested With Drugs) ।

এইবাৰ মহানগৰীত ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী । বৃহস্পতিবাৰে মহানগৰীত STFৰ ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত হাতীগাঁৱৰ নটবমাৰ পৰা জব্দ কৰে ১৩ পেকেট হেৰ’ইন । জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ১ কোটি ২০ লাখ টকাৰ । লগতে গ্ৰেপ্তাৰ কৰে মহলী সৰবৰাহকাৰীক । গ্ৰেপ্তাৰ কৰা মহিলা সৰবৰাহকাৰী গৰাকী অলি দেৱী বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Chittaranjan Goswami a barpujias satradhikar-social activist passes away : বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ অগ্ৰণী সমাজকৰ্মী চিত্তৰঞ্জন গোস্বামীৰ দেহাৱসান