J&K encounter: জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ; সংঘৰ্ষ নিহত এটা সন্ত্ৰাসবাদী,আহত সেনা বিষয়া

নিউজ ডেস্ক,২৪জুলাই : জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ কৌত অঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান ৷ অভিযানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয়(J&K encounter) ।
সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী আৰু এজন সেনা বিষয়া আঘাতপ্ৰাপ্ত(One terrorist killed, army jawan injured in Kupwara) ।
জানিব পৰা মতে, চোৰাংচোৱাৰ খবৰৰ ভিত্তিত অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই অভিযান আৰম্ভ কৰে । অভিযানকাৰী দলটোৱে ২৪ জুলাইত সন্ত্ৰাসবাদীৰ সন্দেহজনক গতিবিধি পৰ্যবেক্ষণ কৰে আৰু প্ৰতিৰোধৰ চেষ্টা চলায় । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ফলত সংঘৰ্ষৰ সৃষ্টি হয় ।
এই সংঘৰ্ষৰ সময়ত এটা সন্ত্ৰাসবাদী নিহত হয় ৷ সন্ত্ৰাসবাদীৰ গুলীত আহত হয় এজন সেনা বিষয়া ৷ আঘাতপ্ৰাপ্ত সেনা বিষয়াজনক চিকিৎসা প্ৰদান কৰা হৈছে । বৰ্তমানেও অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান ।
ইয়াৰ পূৰ্বে মঙলবাৰে জম্মুৰ বট্টাল ছেক্টৰত হৈছিল সংঘৰ্ষৰ ঘটনা ৷ এই ঘটনাৰ ফলত এগৰাকী জোৱান আহত হৈছিল আৰু ইতিমধ্যে জোৱানজনে মৃত্যুক সাৱটি লয়( Terrorist killed, NCO injured as gunfight breaks out in Kupwara) ।