Local, Vocal, Global

ৰাজ্যত ইটোৰ পিছত সিটো মূল্য বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক, পুনৰ বৃদ্ধি পালে বিদ্যুৎৰ মাচুল

নিউজ ডেস্ক, ২২ মাৰ্চ : ৰাজ্যৰ অধিকাংশ জনতাই তীব্ৰ আৰ্থিক সংকটত থকাৰ সময়তে বিদ্যুৎ বিভাগে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে গৰিহণা জনাইছে আৰু এই জনবিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শক্তিশালী আৰ্থিক অৱস্থাৰ বিষয়ে আভাস দি থকাৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলগীয়া হোৱাটো এক বুজিব নোৱাৰা সাঁথৰ। ২৪ ঘন্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে যোৱা সময়ছোৱাত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। ৰাজ্যখনৰ জনতাই প্ৰতিমুহুৰ্ততে বিজুলীৰ বাবে হাহাকাৰ কৰি দিন পাৰ কৰিবলগীয়া হৈছে। এনে অৱস্থাত ৰাইজে যেতিয়া নিয়মীয়া আৰু উন্নত মানৰ বিদ্যুৎ যোগানৰ দাবী জনাইছে তেনে সময়ত অসম চৰকাৰে জনতাৰ দাবী পালন কৰাৰ সলনি বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ বোজাহে জাপি দিছে। চৰকাৰৰ প্ৰত্যক্ষ সহযোগত বিদ্যুৎ বিভাগে লোৱা এই অবিবেচকী সিদ্ধান্তই প্ৰতিটো পৰিয়াললৈ বিপৰ্যয় মাতি অনাৰ লগতে ব্যৱসায় বাণিজ্যতো বিৰূপ প্ৰভাব পেলাব। সৰু-সুৰা ব্যৱসায়েৰে নিজৰ স্ব-নিয়োজনৰ পথ মুকলি কৰা যুৱক-যুৱতীৰ জীৱনলৈও আন এক বিপৰ্যয় নমাই আনিব। সেয়ে অসম চৰকাৰৰ সহযোগত আৰু বিদ্যুৎ বিভাগৰ উদ্যোগত লোৱা এই জনবিৰোধী সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ ডি ৱাই এফ আই দাবী জনাইছে আৰু চৰকাৰ তথা বিদ্যুৎ বিভাগৰ এই অবিবেচক সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।