Local, Vocal, Global

One month old Infant Dies : নিৰ্দয়,অমানৱীয়, পৈশাচিক কাণ্ড এগৰাকী ভণ্ড মহিলা কবিৰাজৰ

ৰূপহীহাট, ১৪নৱেম্বৰ : এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা; আনফালে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ । এফালে পোহৰ আৰু আনফালে অন্ধকাৰ । আধুনিক বিজ্ঞানৰ পোহৰে মধ্যযুগীয় অন্ধবিশ্বাসৰ অন্ধকাৰ আঁতৰাই আহিছে । কিন্তু আজিও বিজ্ঞানে পোহৰাব পৰা নাই বহুতৰে মন-মানসিকতা । এক হৃদয়বিদাৰক ঘটনা । পুনৰ পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল। ৰূপহীহাটত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা ঘটনাৰ(One month old Infant Dies after Getting Kabiraji Treatment in Nagaon)।

বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত সমাজ ব‍্যৱস্থা। নিৰ্দয়,অমানৱীয়, পৈশাসিক কাণ্ড এগৰাকী ভণ্ড মহিলা কবিৰাজৰ। এমহীয়া দেৱ শিশুক জৰা ফুকাৰ নামত চৰম শাস্তি এগৰাকী ভণ্ড মহিলা কবিৰাজৰ ।

ৰূপহীহাটৰ সংঘটিত হৈছে এক অমানৱীয় ঘটনাৰ । ৰূপহীহাটৰ ভকত গাঁৱত দুটি নৱজাতকক চৰম অত্য়াচাৰ । এগৰাকী ভণ্ড মহিলা কবিৰাজে এমহীয়া দুই যমজ সন্তানক বেমাৰ ভাল কৰি দিয়াৰ নামত গছৰ ডাল পাতেৰে কোবাই । এই ভিডিঅ’ সামজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে(One month old Infant Dies) ।

উল্লেখ্য যে, ৰূপহীহাটৰ ভকত গাঁৱৰ আজিজুল হক নামৰ লোকজনৰ একমাহ-১০ দিন পূৰ্বে জন্ম হৈছিল দুই যমজ সন্তানৰ। দুই যমজ সন্তানৰ জন্মৰ কিছুদিন পিছত অসুস্থ হৈ পৰে । শিশু দুটি অসুস্থ হৈ পৰাত মৰিগাঁৱৰ দুবাগুৰি গাঁৱৰ গোলাপজান ওৰফে গোলাপী কবিৰাজৰ ওচৰলৈ লৈ যায় । ভণ্ড কবিৰাজে এমহীয়া সন্তানক ডিঙিৰ পিছফালে ধৰি ওলমাই লৈ গছৰ ডাল পাতেৰে কোবাই ।ডাল পাতেৰে কোবাত অৱশেষত অসুস্থ হৈ পৰে শিশু দুটি ।

আজিজুল হকে দুই যমজ সন্তানক ভণ্ড কবিৰাজৰ চিকিৎসাত বেমাৰ ভাল নোহোৱাত অৱশেষত নৱজাতক দুটিক লৈ আহে নগাঁও মেডিকেল কলেজলৈ । নগাঁও মেডিকেল কলেজত শিশু দুটিৰ অৱস্থা অৱনতি হোৱাত ICU ত ভৰ্তি কৰায় যদিও এটি সন্তানৰ মৃত্যু হয়। এই ঘটনাৰ পিছত ভয়ত মুখ খোলে নাই আজিজুলৰ পৰিয়ালে(Infant Dies after Getting Kabiraji Treatment)।

প্ৰাপ্ত খবৰ অনুসৰি, ভণ্ড কবিৰাজৰ হাতত পূৰ্বতেও মৃত্যু হৈছিল শিশু । যাৰ বাবে কাৰাবাসলৈ যাব লগা হৈছিল ।

লগতে পঢ়ক : Fire in Jharkhand : ভয়ংকৰ অগ্নিকাণ্ড; একেটা পৰিয়ালৰ মৃত্যু তিনিজনকৈ সদস্যৰ