One Missing After Boat Accident in Majuli : উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত মাছ মাৰিবলৈ গৈ সন্ধানহীন মহিলা

নিউজ ডেস্ক,৩১জুলাই : মাজুলীত হাত নাও দুৰ্ঘটনা।উজনি মাজুলীৰ জাবৰচুক কাঠনিত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা। সন্ধানহীন মহিলাগৰাকী জেতুকী পেগু বুলি জানিব পৰা গৈছে(One Missing After Boat Accident in Majuli)।
জানিব পৰা মতে, সন্ধানহীন মহিলাগৰাকী মাছ মাৰিবলৈ গৈছিল ব্ৰহ্মপুত্ৰলৈ । মাছ মাৰিবলৈ যাওঁতে নাৱৰ পৰা পৰি সন্ধানহীন মহিলাগৰাকী। উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।
মাছ মাৰিবলৈ লৈ যোৱা হাত নাওখনত পানী সোমাইছিল যাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।মঙলবাৰে সন্ধিয়া মাছ মাৰিবলৈ গৈছিল ৪গৰাকী মহিলা ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছে ঘটনাস্থলীত SDRFউপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান(One Missing After Boat Accident in Majuli) ।
লগতে পঢ়ক : Kerala Wayanad Landslide : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন;মৃতকৰ সংখ্যা ১৫০ গৰাকীলৈ বৃদ্ধি