One man missing in Dibru River: ডিব্ৰু নৈৰ বুকুত অঘটন;আনৰ জীৱন বচাবলৈ গৈ নিৰুদ্দেশ এজন স্থানীয় লোক
নিউজ ডেস্ক,১৮নৱেম্বৰ : ডিব্ৰু নৈৰ বুকুত অঘটন । আনৰ জীৱন বচাবলৈ গৈ নিৰুদ্দেশ এজন স্থানীয় লোক ।
ঘটনাৰ বিৱৰণী অনুসৰি, দিনজান ঘাটৰ পৰা দধীয়ালৈ বুলি যাত্ৰ কৰা নাও এখন নদীৰ মাজত কাঠত লাগি হঠাৎ ডুবি যায়। ফলত নাওখনত থকা একাংশ লোক পানীত পৰে যদিও যাত্ৰীসকলে নিজে সাতুঁৰি জীৱন ৰক্ষা কৰাৰ লগতে স্থানীয় নাও লৈ যোৱা এজন প্ৰত্যক্ষদৰ্শীয়ে ডুব যোৱা লোকসকলক বচাবলৈ নদীত জাপ দিয়ে(One man missing in Dibru River)।
লোকজনে নদীত জাপ দি তিনিজন যাত্ৰীক সুকলমে উদ্ধাৰ কৰে ৷ কিন্তু আনৰ প্ৰাণ বচাবলৈ নদীত জাপ দিয়া মনোজ বেৰিয়া হঠাৎ অন্তৰ্ধান হৈ পৰে । পানীৰ মাজত নিৰুদ্দেশ হোৱা মনোজ বেৰিয়াক উদ্ধাৰৰ বাবে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফে অভিযান চলাই যদিও মনোজক বিচাৰি নাপাই ।
সাঁতুৰি নিজৰ প্ৰাণৰক্ষা কৰা এটি কিশোৰ আৰু সন্ধানহীন মনোজ বেৰিয়াৰ পত্নীৰ অভিযোগ অনুসৰি, তিনিজন যাত্রীক সুকলমে উদ্ধাৰ কৰা লোকজনক নাৱত উঠিব নিদিলে । নিজৰ জীৱনলৈ চিন্তা নকৰি নদীত জাপ দি তিনিগৰাকী লোকৰ প্ৰাণ বচাইছিল মনোজে । উক্ত তিনিগৰাকী লোকক উদ্ধাৰ কৰি নাৱত উঠোৱাৰ পাছত নিজে নাওত উঠিবলৈ চেষ্টা কৰাৰ সময়তে নাৱত থকা বঠাৰে মাৰি পানীত মনোজক পানীত পেলাই দিয়া বুলি অভিযোগ উঠিছে । ইয়াৰ পিচতেই তিনিওগৰাকী লোকে নাওখন লৈ পলায়ন কৰে । ইফালে, কেইবাগৰাকীও যাত্ৰীয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ পাছত স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।