One Man jumping into Brahmaputra river : ব্ৰহ্মপুত্ৰত জপিয়াই সন্ধানহীন এজন লোক

নিউজ ডেস্ক,২০আগষ্ট : ধুবুৰীত সংঘটিত হৈছে অঘটন । ধুবুৰীত ব্ৰহ্মপুত্ৰত জপিয়াই সন্ধানহীন এজন লোক। সন্ধাহীন লোকজন ধুবুৰী চহৰৰ ৩নং ৱাৰ্ডৰ দীনেশ চৌধুৰী (৩২) বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে,সোমবাৰে নিশা মদ্যপান কৰি থকা অৱস্থাত দীনেশ চৌধুৰীয়ে ঘৰত পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। পাছত লোকজনে নিশা প্ৰায় ১বজাত ধুবুৰীৰ যোগমায়া ঘাটৰ কাষতে ব্ৰহ্মপুত্ৰ নৈত জঁপিয়াই দিয়ে।
নৈৰ পাৰত থকা স্থানীয় লোকে শব্দ শুনি লগে লগে চিঞৰ-বাখৰ কৰি নদীত নামি দীনেশৰ সন্ধান কৰে যদিও ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ কৰাত মঙলবাৰে পুৱাৰে পৰা আৰক্ষী এছডিআৰএফ বাহিনীয়ে নৈৰ পাৰ ঘাটত অভিযান আৰম্ভ কৰিছে(One Man jumping into Brahmaputra river)।
এই পৰ্যন্ত দীনেশ চৌধুৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।