Local, Vocal, Global

One killed in wild Elephant attack in Tinsukia : তিনিচুকীয়াত বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ আক্ৰমণত নিহত এজন

তিনিচুকীয়া, ৪জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Tinsukia) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক তিনিচুকীয়াত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ।

বুধবাৰে নিশা তিনিচুকীয়াৰ পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ।বন্যহস্তীৰ আক্ৰমণক নিহত এজন ।নিহত লোকজন পেঙেৰী চাৰিআলিৰ সঞ্জীৱ দাস বুলি জানিব পৰা গৈছে ।মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।

পেঙেৰীৰ ডিব্ৰুজান দলঙৰ সমীপৰ হস্তী কৰিডৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে ততাতৈয়াকৈ লোকজন উদ্ধাৰ কৰি চিকিৎসায়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয় নোপোৱাৰ আগতেই মৃত্যু হয় লোকজনৰ।

ইফালে এই ঘটনা সন্দৰ্ভত পেঙেৰী খাটাংপানী আঞ্চলিক বন বিষয়া আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (
One killed in wild Elephant attack in Tinsukia)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Elephant menace in Chirang : চিৰাং জিলাত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ৪ টাকৈ বাসগৃহ