One killed in wild elephant attack in Narayanapur: নাৰায়ণপুৰৰ দোৰপাঙত বন্যহস্তীৰ গচকত নিহত এজন লোক
নিউজ ডেস্ক, ১৬ মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Narayanapur )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়( One killed in wild elephant attack in Narayanapur)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে( One killed in wild elephant attack at Bijni in Narayanapur) ।
নাৰায়ণপুৰৰ দোৰপাঙত শোকাৱহ ঘটনা । বন্যহস্তীৰ গচকত নিহত এজন লোক ।
নাৰায়ণপুৰৰ দোৰপাঙত বন্যহস্তীৰ গচকত নিহত লোকজন ডিম্বেশ্বৰ ফুকন বুলি জানিব পৰা গৈছে।
জানবি পৰা মতে, মাতৃ-পত্নীৰ সন্মুখতে হাতীৰ গচকত মৃত্যু হয় ডিম্বেশ্বৰ ফুকনৰ। অৰুণাচলৰ পৰা খাদ্যৰ সন্ধানত নিশা প্ৰৱেশ কৰিছিল জনাঞ্চললৈ বন্যহস্তীৰ এটা জাকে।
লগতে পঢ়ক : Election Commission To Announce Lok Sabha Poll Dates Today : আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন