Local, Vocal, Global

One killed in wild Elephant attack in Nalbari:নলবাৰীত বন্যহস্তীৰ গচকত মৃত্যু এজনৰ

নিউজ ডেস্ক,১৯ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Nalbari)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ নলবাৰীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ(One killed in wild Elephant attack in Nalbari)।

নলবাৰীত বন্যহস্তীৰ গচকত মৃত্যু এজনৰ । মৃত্যু লোকজন মিণ্টু বৰ্মন।

দুদিন পূৰ্বে বন্যহস্তীৰ গচকত আঘাতপ্ৰাপ্ত হৈছিল মিণ্টু বৰ্মন।আঘাতপ্ৰাপ্ত মিণ্টু বৰ্মন চিকিৎসাধীন হৈ আছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মিণ্টু বৰ্মনৰ।

লগতে পঢ়ক :Tragic road accident in Tinsukia:এক মৰ্মান্তিক দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰ তিনিগৰাকীকৈ লোকৰ