One killed in wild Elephant attack: গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
গোৱালপাৰা,২৯জানুৱাৰী : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন। নিহত লোকজন জ্যোতিনগৰৰ প্ৰকাশ সেন।ডাকুৰভিটা দুৱাৰী মন্দিৰৰ সন্মুখত লোকজনক আক্ৰমণ কৰে বন্যহস্তীয়ে(One killed in wild Elephant attack)।
জানিব পৰা মতে, গোৱালপাৰাত হাতী মানৱৰ সংঘাত দিনক দিনে বাঢ়ি গৈ আছে। বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ পিছত আন এজন আক্ৰমণ হবলগীয়া হৈছে। সম্পূৰ্ণৰূপে ব্যৰ্থ বন বিভাগ। নিৰূপ ভূমিকা পালন কৰি আছে গোৱালপাৰা বন বিভাগ। বন বিভাগৰ কাৰণে এজনৰ পিছত আন এজন নিহিত হবলগীয়া হৈছে। কোনোবাই নিজৰ আপোন ঘৰ-বাৰী হেৰুৱাব লগীয়া হৈছে কোনোবাই আকৌ নিজৰ জীৱন হেৰুওৱাব লগীয়া হৈছে। শস্য পথাৰ তহিলং কৰিছে বনৰীয়া হাতীয়ে। গভীৰ নিন্দাত শুই আছে গোৱালপাৰা বন বিভাগ। বন বিভাগৰ ব্যৰ্থতাৰ বাবে আজি পুনৰ আন এজন লোক নিহত হয়(One killed in wild Elephant attack in Goalpara)।
লগতে পঢ়ক :Assam Youth Goes Missing in Bengaluru : কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন গহপুৰৰ যুৱক