Local, Vocal, Global

One killed in wild Elephant attack in Goalpara : গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন; আহত দুজন

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Goalpara) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত অঘটন।

লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ লগতে গুৰুতৰভাৱে আহত হয় দুজন । মৃত লোকজন আমবাৰী গাঁৱৰ গজেন্দ্ৰ ক্ষত্ৰিয় বুলি জানিব পৰা গৈছে।আনহাতে আহত দুজন তুলসী ক্ষত্ৰিয়, সোণমনি ক্ষত্ৰিয় বুলি জানিব পৰা গৈছে(One killed in wild Elephant attack in Goalpara) ।

জানিব পৰা মতে, মঙলবাৰে নিশা বনাঞ্চলৰ পৰা ওলাই আহিছিল ৪০-৪২টা হাতীৰ এটা জাক।বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে গাঁওখনৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান-চাউল খাই উপদ্ৰৱ চলায়। হাতীৰ জাকটোৱে চলোৱা উপদ্ৰৱৰ সময়তে গজেন্দ্ৰ ক্ষত্ৰিয় পলাবলৈ চেষ্টা কৰোতে আক্ৰমণ কৰে। গজেন্দ্ৰ ক্ষত্ৰিয়ৰ লগতে তুলসী ক্ষত্ৰিয় আৰু সোণমনি ক্ষত্ৰিয়কো আক্ৰমণ কৰে হাতীৰ জাকটোৱে।

লগতে পঢ়ক :Batadrava usury case : ৰাজ্যত অব্য়াহত আছে সুদখোৰ অভিযান