WATCH | One killed in wild Elephant attack: বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ
জামুগুৰিহাট,১৩মে’ : শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজন ব্যক্তিৰ। ৰঙাপৰাত হাতী -মানুহৰ সংঘাতক লৈ পুনৰ শংকিত হৈ পৰিছে কৃষক ৰাইজ।
ৰঙাপৰাৰ পগলাবিল গাঁৱৰ কৃষক কৃষ্ণ খেৰিয়াই পুৱা নিজৰ খেতি পথাৰত হাল বাই আছিল। ঠিক তেনে সময়তে পগলাবিল- বৰজুলি সংযোগী পথচোৱাই দি এটা প্ৰকাণ্ড বনৰীয়া আহি আছিল। বনৰীয়া হাতীটোৱে পথৰ পৰা নামি গৈ খেতি পথাৰত হাল বাই থকা অৱস্থাতে কৃষকজনক আক্ৰমণ কৰে(One killed in wild Elephant attack)৷
যাৰ ফলত ঘটনাস্থলীতে মৃত্যুক আকোৱালি লয় কৃষক কৃষ্ণ খেৰিয়াই। বনৰীয়া হাতীৰ আক্ৰমণত এজন কৃষকৰ মৃত্যু হোৱাৰ ঘটনাই ৰঙাপৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা এগৰাকী মহিলা কথমপি প্ৰাণ ৰক্ষা পৰে। ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ সমগ্ৰৰ ঘটনাৰ বুজ লয়। পগলাবিল গাঁৱৰ ৰাইজে বনৰীয়া হাতীটোক বনাঞ্চলৰ দিশে খেদি পঠিয়াবলৈ দাবী জনাইছে।
লগতে পঢ়ক : WATCH | Lumding News : লামডিঙত নিশা উত্তেজনা