Local, Vocal, Global

One killed in road accident in Guwahati : মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত ট্রাক চালক

নিউজ ডেস্ক,৩০মে’ : মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
ডাম্পাৰত খুন্দা শিলচৰ অভিমুখী ট্রাকত(One killed in road accident in Guwahati)।

জানিব পৰা মতে,এ এছ ২৮ এ চি ০৪৫৭ নম্বৰৰ ট্ৰাকখনে এ এছ ০১ ডি ডি ৬৫৫৫ নম্বৰৰ ডাম্পাৰত খুন্দা মাৰে।ফলত দুৰ্ঘটনাত থিতাতে নিহত ট্রাকখনৰ চালকজন। নিহত ট্রাকচালকজন ৰেজাবুল ইছলাম বুলি জানিব পৰা গৈছে । হাউলীৰ পৰা শিলচৰ অভিমুখে গৈ আছিল ট্রাকখন। ৰাজপথত ডাম্পাৰ ৰখাই থোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

লগতে পঢ়ক : Flood in Kampur : বিগত কেইদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণ;কপিলীয়ে চিঙিলে পতিয়াপামৰ মথাউৰি