বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাহৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

নিউজ ডেস্ক : কলিয়াবৰৰ ৰৌমাৰী গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ডাম্পাৰ আৰু ব’লেৰ পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।সংঘৰ্ষৰ ফলত ব’লেৰ খনৰ চালক জন গাড়ীৰ ভিতৰতে আবদ্ধ হৈ মৃত্যু হোৱাৰ লগতে আৰু তিনিজন আহত হয়।আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত তিনিজনক চিকিৎসাৰ বাবে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।নিহত জনৰ নাম বিতু আহমেদ । ঘৰ কলিয়াবৰ দলগাঁৱত ।
আহত দুজন ক্ৰমে বন বিকাশ হাজৰিকা, আছাদ হুছেইন । দুয়োকে জখলাবন্ধা চিকিয়সালয়লৈ প্ৰেৰণ । AS 02 CC 7331 নম্বৰৰ ব’লেৰ বাহনখন নগাঁও দিশে গৈ থাকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা AS 02 BC 5396 নম্বৰৰ ডাম্পাৰ খনে তীব্ৰ বেগত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় । ডাম্পাৰৰ চালকে মদ্যপান কৰি নিয়ন্ত্ৰণ বিহীন ভাৱে চলোৱাৰ বাবেই ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰত্যক্ষ দৰ্শীৰ । দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা ডাম্পাৰৰ চালক সহ পাঁচজনক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে ।