Local, Vocal, Global

ওদালগুৰিত পুনৰ এনকাউণ্টাৰ-আৰক্ষীৰ গুলীত নিহত এজন

নিউজ ডেস্ক, ১৬ মাৰ্চঃ ২৪ ঘণ্টাৰ ভিতৰতে ৰাজ্যত দুটাকৈ ধৰ্ষণকাৰী নিহত হয় আৰক্ষীৰ গুলীত। বিকি আলীৰ পিছতেই অসম আৰক্ষীৰ গুলীত আন এটা ধৰ্ষণকাৰী নিহত হৈছে।

শেহতীয়াকৈ ওদালগুৰিত ৮বছৰীয়া এগৰাকী শিশুক ধৰ্ষণ কৰা কাৰ্য সংঘটিত হৈছিল। এই ঘ়টনাৰ পি়ছতেই ধৰ্ষণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তাৰপি়ছত পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীবিদ্ধ কৰে আৰু লগে লগে নিহত হয় ধৰ্ষণকাৰীটো। ওদালগুৰিৰ ওৰাঙত নিহত হোৱা লোকজনৰ নাম ৰাজেশ মুণ্ডা। ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য।

উল্লেখ্য যে, বিগত ২৪ঘন্টাত অসম আৰক্ষীৰ গুলীত ২টা ধৰ্ষণকাৰী নিহত হৈছে। ৪টাকৈ গুলী বুকু আৰু পিঠিত লাগি নিহত হৈছে বিকি আলী।