Local, Vocal, Global

Manipur violence : অগ্নিগৰ্ভা মনিপুৰত যেন অস্তিত্বহীন চৰকাৰ-প্ৰশাসন!

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : অশান্ত মণিপুৰৰ । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । পুনৰ মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ(Manipur violence)। প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। পুনৰ মণিপুৰৰ পৰা আহিছে এক চাঞ্চল্যকৰ ঘটনাৰ খবৰ।

অগ্নিগৰ্ভা মনিপুৰত যেন অস্তিত্বহীন চৰকাৰ-প্ৰশাসন!পুনৰ মেইটেই জনগোষ্ঠীৰ উন্মত্ত জনতাই লুটিলে আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ।

ইম্ফলস্থিত মনিপুৰ আৰক্ষীৰ পঞ্চম IRBNৰ মুখ্য কাৰ্যালয়ৰ লগতে মনিপুৰ আৰক্ষীৰ প্ৰশিক্ষন কেন্দ্ৰতো দুস্কৃতিকাৰীৰ আক্ৰমন। পঞ্চম IRBN ৰ কাৰ্যালয়ৰ পৰা লুটি নিলে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ। উন্মত্ত জনতাক ৰুধিবলৈ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ গুলীচালনা। গুলীচালনাত নিহত এজন, আহত কেইবাজনো। নিহত লোকজনক অক্ৰাম সন্তোষ বুলি চিনাক্ত কৰা হৈছে । কুকি সংগঠন ITLF ৰ মতে মেইটেই দুৰ্বৃত্তৰ দলে লুটি নিয়া অস্ত্ৰ-শস্ত্ৰৰ সংখ্যা দুশতকৈ অধিক(One killed as security personnel open fire on ‘village volunteers’ in Imphal)।

ইতিমধ্যে মনিপুৰ আৰক্ষীয়ে মংগলবাৰে নিশা সংঘটিত এই অস্ত্ৰ লুট কাণ্ডৰ লগত জড়িত ছয়টাকৈ দুৰ্বৃত্তক আটক কৰিছে। এই পৰ্যন্ত উদ্ধাৰ কৰিছে চাৰিটা ইনচাচ ৰাইফল,এটা একে ঘাতক ৰাইফল,কেইবাটাও মেগজিনৰ লগতে বহু সংখ্যক গুলী।ইয়াৰ পুৰ্বেও মনিপুৰ আৰক্ষীৰ চাৰি সহস্ৰাধিক অস্ত্ৰ-শস্ত্ৰ দুৰ্বৃত্তৰ দলে লুটি নিছিল।

লগতে পঢ়ক : HSLC Examinations will start on Friday : শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা;এইবাৰৰ পৰীক্ষাত ৪টাকৈ বিষয়ত বৃহৎ পৰিৱৰ্তন আহিব !