Local, Vocal, Global

one killed after being hit by a train near Batadraba station : ৰে’লৰ চেপাত মৃত্যু ৫০ঊৰ্ধৰ ব্যক্তি

নিউজ ডেস্ক,৩০মে’ : ৰে’লৰ চেপাত মৃত্যু ৫০ঊৰ্ধৰ ব্যক্তিৰ । বটদ্ৰৱা থানাৰ অন্তৰ্গত বালিসত্ৰত ৰে’লৰ চেপাত মৃত্যু হয় লোকজনৰ।

বৃহস্পতিবাৰে পুৱা বটদ্ৰৱা ৰে’ল ষ্টেচনৰ পৰা ৫০০ মিটাৰ নিলগত এজন লোক মৃতদেহ উদ্ধাৰ । এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজে উক্ত ঘটনা সন্দৰ্ভত ৰে’ল বিভাগৰ লোকক খবৰ দিয়ে। ৰে’ল বিভাগে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে লোক ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদম্ত আৰম্ভ কৰে(one killed after being hit by a train near Batadraba station) ।

জানিব পৰা মতে, পুৱা মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ যোৱা ৰে’লৰ খুন্দাত মৃত্যু হয় লোকজনৰ । মৃতদেহটো বৰ্তমানেও ৰে’ল লাইনতে আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি প্ৰায় ৫০ বয়সীয়া ব্যক্তিজন মানসিকভাৱে অসুস্থ।

লগতে পঢ়ক : Artificial Flood in Rangia : কৃত্ৰিম বানত ডুবিছে ৰঙিয়াৰ মুৰাৰা খৈৰাবাৰী পথ! এজাক বৰষুণতে জলমগ্ন পথ