Local, Vocal, Global

শাক-পাচলি কঢ়িয়াই অনা বাহনৰ খুন্দাত নিহত এক, আহত ৭গৰাকী যাত্ৰী

নিউজ ডেস্ক,১৯ মাৰ্চঃ বকোত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা। শনিবাৰে পুৱা বকোৰ আগছিয়াত এই শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়।

প্ৰাতঃভ্ৰমণলৈ যোৱা এজন লোকক তীব্ৰ গতিত অহা এখন শাক-পাচলি ভৰ্তি টাটা মেজিক গাড়ীয়ে মহতিয়াই থৈ যায়। এই দূৰ্ঘটনাত থিতাতে নিহত হয় ৪৮ বছৰীয়া ছাদেক আলী নামৰ লোকজন।

মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে দ্ৰুত গতিত আহি থকা অৱস্থাত এই দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 18 AC 3500।

লগতে টাটা মেজিকখন পথৰ দাঁতিত বাগৰি পৰাৰ ফলত গাড়ীখনত উঠি অহা ৭ গৰাকী মহিলা যাত্ৰী আহত হয়।