Local, Vocal, Global

One injured in wild Elephant attack : বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰমণত আহত এজন

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Charaideo )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে (One injured in wild Elephant attack)।

ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্ত বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।

এইবাৰ চৰাইদেউ জিলাত বন্যহস্তীৰ সন্ত্ৰাস।বুধবাৰে নিশা চৰাইদেউ জিলাত অসম- নাগালেণ্ড সীমান্তৱৰ্তী চিংলো পথাৰ বৰবিল গাঁৱত হাতী আৰু মানুহৰ ভয়াৱহ সংঘাত।নিশা গ্ৰামাঞ্চলটো বনৰীয়া হাতীৰ সন্ত্ৰাস চলাই । বন্যহস্তীৰ তাণ্ডৱত গাঁৱখনৰ বহু পৰিয়ালৰ বাৰীৰ শাক-পাচলিকে ধৰি কলগছ, তামোলগছ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন লোক। আহত লোকজনৰ নাম গনেশ ডেকা (৪৪)বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত লোকজন বৰ্তমান সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পিছতো পলমকৈ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক । বনবিভাগৰ লোক পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজ ৷ কৰা

উল্লেখ্য যে, বনাঞ্চল সংকোচন তথা খাদ্যৰ অভাৱৰ বাবে বৰ্তমান জনাঞ্চলত উপদ্ৰৱ চলাইছে বনৰীয়া হাতীয়ে ৷ ফলত সৃষ্টি হৈছে হাতী-মানুহৰ সংঘাত ৷ শেহতীয়াকৈ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ এই সংঘাতে চূড়ান্ত ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ এই সংঘাতত বিভিন্ন সময়ত মানুহৰ খেতি পথাৰ, শস্যৰ ভঁৰালৰ লগতে সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে ৷ লগতে কোনো কোনো সময়ত বনৰীয়া হাতীৰ আক্ৰমণত নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগাও হৈছে ৷ হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

ইফালে হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Congress issues show cause notice to Kamalakhya Dey Purkayastha : কমলাক্ষ দে পুৰকায়স্থলৈ প্ৰদেশ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী