Local, Vocal, Global

One Indian killed, two injured in anti-tank missile attack in Israel : ইজৰাইলৰ উত্তৰ অংশত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত ভাৰতী

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫মাৰ্চ : ইজৰাইলত মৃত্যু ভাৰতীয়ৰ । টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ আক্ৰমণত ইজৰাইলৰ উত্তৰ দিশত নিহত হয় এগৰাকী ভাৰতীয় লগতে আহত হয় আন দুজন ৷

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে লেবানন দিশৰ পৰা নিক্ষেপ কৰা টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰই ইজৰাইলৰ উত্তৰ সীমান্তৱৰ্তী মাৰ্গালিঅ’টৰ সমীপৰ এখন ফলৰ বাগিচাত আক্ৰমণ কৰাৰ ফলত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে আন দুজন আহত হয় । ভুক্তভোগী তিনিওজন দাক্ষিণাত্যৰ কেৰালাৰ বুলি জানিব পৰা গৈছে(One Indian killed, two injured in anti-tank missile attack in Israel) ।

এই ঘটনা সন্দৰ্ভত উদ্ধাৰ অভিযানৰ মুখপাত্ৰ মেগেন ডেভিদ আডম (এমডিএ) জাকি হেলাৰে পিটিআইক জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ১১ বজাত ইজৰাইলৰ উত্তৰ অঞ্চলৰ মোশ্বাভ (সামূহিক কৃষি সম্প্ৰদায়) মাৰ্গালিঅ’টৰ এখন বাগিচাত ক্ষেপণাস্ত্ৰই আঘাত কৰে । এই আক্ৰমণত নিহত ভাৰতীয়জন কেৰালাৰ কোল্লামৰ পাটনিবিন মেক্সৱেল ।

চৰকাৰী সূত্ৰই জনোৱা মতে, জিভ হাস্পতালত তেওঁৰ মৃতদেহটো লৈ যোৱা হৈছে । আহত বুছ জোচেফ জৰ্জ আৰু পল মেলভিনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি তেওঁলোকে জনায়(One Indian killed, another two injured in anti-tank missile attack in Israel’s north) ।

পিটিআইক এক চৰকাৰী সূত্ৰই জনায়, “জৰ্জক মুখ আৰু শৰীৰত আঘাত পোৱাৰ পিছত পেটাহ টিকভাৰ বেইলিনছন হাস্পতাললৈ যোৱা হয় । তেওঁৰ অপাৰেচন কৰা হৈছে, সুস্থ হৈ উঠিছে, আৰু তেওঁক নিৰীক্ষণত ৰখা হৈছে । ভাৰতত তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে ।”

লগতে পঢ়ক : Election Commission of India team to visit Assam Today : দুদিনীয়া সূচী লৈ আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ