One Drug Peddler Arrested With Yaba Tablets : কাছাৰ জিলাত আছাম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যৌথ অভিযান
নিউজ ডেস্ক, ৭নৱেম্বৰ : কাছাৰত জব্দ বুজন পৰিমাণ ইয়াবা টেবলেটসহ সৰবৰাহকাৰী ।
সোমাবাৰে নিশা কাছাৰ জিলাৰ আছাম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলাইছিল যুটীয়া অভিযান । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান(One Drug Peddler Arrested With Yaba Tablets)। অভিযান চলাইছিল কাছাৰ জিলাৰ হমাৰখোৱালিয়েনৰ এলেকাত । অভিযানত আছাম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীয়ে ৩০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে আটক কৰে এজন সৰবৰাহকাৰীক। জানিব পৰা মতে জব্দ কৰা ইয়াবা টেবলেটখিনিৰ মূল্য প্ৰায় ৯০ লাখ টকা(One Drug Peddler Arrested With Yaba Tablets Worth Rs 90 Lakh In Cachar District) ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰাৰ লগতে আটকাধীন লোকজনক লখিমপুৰ আৰক্ষী থানাত চমজাই দিছে।
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) ।
ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়।
ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs peddler arrested in Cachar )।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।