One drowned in the Jatinga river : জাতিংগা নৈত উটি গ’ল এজন যুৱক
নিউজ ডেস্ক,২৯মে’ : জাতিংগা নৈত অঘটন । জাতিংগা নৈত উটি গ’ল এজন । কৰ্মস্থলীৰ পৰ বাসগৃহলৈ উভতি অহাৰ সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।
জানিব পৰা মতে, নৈত উটি যোৱা যুৱকজনৰ নাম আব্দুল আৰমান লস্কৰ । আব্দুল আৰমান লস্কৰৰ ঘৰৰ হাৰাংগাজাওৰ লালবস্তিত। দুই বন্ধুৰ সৈতে কৰ্মস্থলীৰ পৰা বাসগৃহলৈ উভতি আহিছিল আব্দুল । সম্প্ৰতি যুৱকজনক বিচাৰি গাঁৱবাসীয়ৰ অভিযান অব্যাহত আছে(One drowned in the Jatinga river) ।