One dead in tractor accident in Mazbat : টেক্টৰেৰে হাল বাই থকা অৱস্থাত যান্ত্রিক বিজুতি;নিহত এজন
নিউজ ডেস্ক,২৫মে’ : ভয়ংকৰ টেক্টৰ দুৰ্ঘটনা । নিহত এজন ।
মাজবাটত সংঘটিত হৈছে ভয়ংকৰ টেক্টৰ দুৰ্ঘটনাত। শনিবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত মাজবাটৰ ১ নং মাজগাঁৱৰ পথাৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
জানিব পৰা মতে, মাজগাঁৱৰ পথাৰত টেক্টৰেৰে হাল বাই থকা অৱস্থাত যান্ত্রিক বিজুতি ঘটে টেক্টৰখনৰ আৰু এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক লগে লগে স্থানীয় লোকে ততালিকে মাজবাটৰ মহলীয়া পাৰা আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে(One dead in tractor accident in Mazbat)।
মৃত্যু যুৱকজন ১ নং মাজগাওঁৰ বনু গোঁড়ৰ পুত্র কুন্দন গোঁড় (২৮) বুলি জনা যায়। উক্ত ঘটনাৰ খবৰ পোৱাৰ লগে লগে মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুন্দন গোঁড়ৰ মৃতদেহ মণোৰত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিভিল চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক : Pathetic road condition : স্বাধীনতাৰ অমৃত কালতো উন্নয়নে ঢুকি নোপোৱা বৰপেটাৰ এক অঞ্চল