One Bangladeshi National arrested : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আটক বাংলাদেশী অনুপ্ৰৱেশকাৰী

নিউজ ডেস্ক,১৯ছেপ্তেম্বৰ : অব্যাহত আছে বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা।ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বহু বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্রেপ্তাৰ কৰিছে লগতে ৰাজ্য চৰকাৰে অসমত বহু অবৈধ বিদেশীক চিনাক্তকৰণৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ।
তেনে সময়তে অসম আৰক্ষীয়ে পুনৰ বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত বাধা(One Bangladeshi National arrested in Karimganj)।
কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আটক বাংলাদেশী অনুপ্ৰৱেশকাৰী। বাংলাদেশী অনুপ্ৰৱেশকাৰীক ঘুৰাই পঠালে অসম আৰক্ষীয়ে।
মহম্মদ আৰিফ নামৰ বাংলাদেশীজনক ঘূৰাই পঠিয়ালে অসম আৰক্ষীয়ে(One Bangladeshi National arrested)।
সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক :Rupohihat Protest : ৰূপহীহাটত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী