Local, Vocal, Global

কাৰ্বি আংলঙৰ সীমান্তত হেৰ’ইনসহ এজনক আটক

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে কাৰ্বি আংলঙত পুনৰ জব্দ সন্দেহযুক্ত হেৰ’ইন।

শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ মাফিয়াসকলে অব্যাহত ৰাখিছে এই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ ৷

বৃহস্পতিবাৰে পুৱাই এক গোপন সূত্ৰৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত উপ-পৰিদৰ্শক প্ৰফুল্ল পেগু আৰু আৰক্ষীৰ দলে এই অভিযান চলায় । 

ডিমাপুৰৰ পৰা বোকাজান অভিমুখী AS-01-NC-1849 নম্বৰৰ এখন বাছত আৰক্ষীয়ে আৰক্ষীয়ে অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে ১২.০২ গ্ৰামৰ সন্দেহযুক্ত হেৰ’ইনসহ এজন লকক আটক কৰে ৷
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন নগাঁৱৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।