Local, Vocal, Global

লাহৰিঘাটত ড্ৰাগছসহ এজনক আটক

নিউজ ডেস্ক,১২ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। লাহৰিঘাটৰ বৰবাৰীত ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানত ড্ৰাগছসহ এজনক আটক।

মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে যুৱকজনক।
যুৱকজনৰ নাম খাইৰুল ইছলাম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱকজনৰ পৰা ১৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, খাইৰুল ইছলামে পূৰ্বতেও বহুবাৰ ড্ৰাগছ সৰবৰাহৰ বাবে জেললৈ গৈছিল।
ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীৰ অভিযানকাৰী দলে লাহৰিঘাট থানাত গতাই দিয়ে।