কামৰূপৰ ডোবকত ড্ৰাগছসহ এজনক আটক
নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । তাৰ মাজতে বহু ঠাইত এতিয়াও ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে । এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কামৰূপৰ ডোবকত চলিল আৰক্ষীৰ অভিযান ।
এই অভিযানত ৰঙিয়াৰ ডোবকত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় । ড্ৰাগছসহ এজন সৰবৰাহকাৰীকো কৰায়ত্ত কৰে আৰক্ষীয়ে । ৰঙিয়াৰ পৰা হাজোলৈ সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰে ৰাতুল আলী নামৰ সৰবৰাহকাৰীজনক ।
এক গোপন খবৰৰ ভিত্তিত ডোবক আৰক্ষীৰ এটা দলে এখন স্কুটিত ড্ৰাগছ লৈ আহি থকাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰীজনক ১২ গ্ৰাম ব্ৰাউন চুগাৰসহ আটক কৰে ৷
ড্ৰাগছ খিনি ৰঙিয়া পৰা হাজোলৈ লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীজনক।
ড্ৰাগছ সৰহবাৰহকাৰী ৰাতুল আলীয়ে ব্যাবহাৰ কৰা নম্বৰ বিহীন স্কুটিখন জব্দ কৰে এই অভিযানত।
জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ মুল্য প্ৰায় ১ লাখ ৫০ হাজাৰ টকাৰ বুলি জানিব পৰা গৈছে।
ড্ৰাগছ সৰহবৰহকাৰী ৰাতুল আলীৰ ঘৰ হাজোৰ সাতদলাত ।
আটক কৰাৰ পিছতেই ডোবক আৰক্ষীয়ে ৰাতুল আলীক ৰঙিয়া আৰক্ষীলৈ প্ৰেৰন কৰে। ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ সৰহবৰহকাৰী ৰাতুল আলীক সোধপোচ অব্যাহত ৰাখিছে ।