Local, Vocal, Global

মুছলপুৰত আলফা লগত জড়িত এজনক গ্ৰেপ্তাৰ, ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মা লৈ প্ৰেৰণ

নিউজ ডেস্ক, ২৩ মাৰ্চ : ৰাজ্যৰ বিভিন্ন স্থানত একাংশ যুৱকে আলফা (স্বা)ত যোগদান কৰাৰ কথা বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈ থকাৰ সময়তে আলফাৰ লগত জড়িত থকাৰ অভিযোগত বাক্সা জিলাত আজি এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বাক্সা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পোৱা তথ্যৰ ভিত্তিত বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত শিলাকুটি গাঁৱৰ বীৰেন দাসৰ পুত্ৰ লাচিত শৰণীয়া (২৩) নামৰ যুৱক জন আলফাত যোগদান কৰাৰ তথ্য লাভ কৰে আৰু যুৱক জনক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে যুৱক জনক নিজ ঘৰৰ পৰা আটক কৰে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে যুৱক গৰাকীয়ে আলফা (স্বা)ৰ লগত যোগাযোগৰ বিভিন্ন তথ্য আৰক্ষীয়ে লাভ কৰিছে আৰু এই তথ্যৰ ভিত্তিতে যুৱক জনক আটক কৰি গ্ৰেপ্তাৰ কৰা হয় ৷ বুধবাৰে যুৱক জনক আদালতত হাজিৰ কৰি পুনৰ ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে উল্লেখ কৰে৷

আনহাতে, জিলা খনৰ গোবৰ্দ্ধনা আৰক্ষী থানাৰ অধীনত উদ্ধৱ দাস নামৰ এজন যুৱকো আলফালৈ যোৱাৰ খবৰ পোৱাৰ কথা উল্লেখ কৰি যুৱক জন সম্পৰ্কত তদন্ত অব্যাহত ৰখাৰ কথা উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷ ইফালে পৰিয়ালৰ লোকে যুৱক জনৰ আলফাৰ লগত যোগাযোগ থকাৰ কথা অস্বীকাৰ কৰে ৷